শুক্ৰবাৰে গেৰুৱাত অনুষ্ঠিত হয় বিজেপিৰ কুশতলি নিজগেৰুৱা মণ্ডল সমিতিৰ উদ্যোগত বুথৰ সভাপতি সকলৰ এখন কাৰ্যনিবাহক সভা। আবেলি ৪ বজাত গেৰুৱাত অনুষ্ঠিত এই সভা খনত অহা কালিলৈ হব লগা বিজেপিৰ প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আলোচনা কৰা হয়। সভা খনত কালিলৈ কুশতলি নিজগেৰুৱা মণ্ডলৰ অন্তৰ্গত প্ৰতিটো বুথত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লোৱা হয়। লগতে বুথৰ সভাপতি সকলৰ মাজত কাৰ্যসূচীত প্ৰয়োজন হোৱা দলীয় বেনাৰ প'ষ্টাৰ বিতৰণ কৰা হয়।