মাহমৰা: নিৰ্বাচনৰ পূৰ্ৱে জনজাতিকৰণ নহ'লে উচিত প্ৰত্যুত্তৰ দিব টাইপাই, মৰাণহাটত
কয় টাইপাৰ কেন্দ্ৰীয় উপ-সভাপতিয়ে
চৰাইদেউ জিলাৰ মৰাণহাটত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতৰ উপ-সভাপতি উত্তম দিহিঙীয়াই ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বিগত ১০বছৰে প্ৰতাৰণা কৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক আগন্তুক নিৰ্বাচনৰ পূৰ্বে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাই টাইপা নেতাজনে অন্যথা উচিত ফল ভুগিবলৈ সাজু থাকক বুলিও সকিয়াই দিয়ে ৷