মাহমৰা: 'সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ' তৰফৰ পৰা মৰাণহাটত মুখ্য সম্পাদক কুসুম কৈলাসে সম্বৰ্দ্ধনা জনালে যুৱ সমাজকৰ্মী ভূপেন বৰুৱাক
চৰাইদেউ জিলাৰ মৰাণহাটত জিলাখনৰ অগ্ৰণী প্ৰকৃতি অনুষ্ঠান সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ চতুৰ্থ বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি আজি মৰাণৰ যুৱ সমাজকৰ্মী ভূপেন বৰুৱাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে অনুষ্ঠানটোৱে ৷ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ হৈ মূখ্য সম্পাদক কুসুম কৈলাস, জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন, বিচিত্ৰ নাৰায়ণে ভূপেন বৰুৱাৰ অনুপস্থিতিত সতীৰ্থ অকণ ভূঞাৰ হাতত সম্বৰ্দ্ধনা আৰু স্মাৰক পত্ৰ প্ৰদান কৰে ৷