মাহমৰা: ৰাষ্ট্ৰীয় চাব্ জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি উভতি অহা চাৰিগৰাকী খেলুৱৈক মৰাণহাটত উষ্ম সম্বৰ্দ্ধনা
৩৭ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই অনা চাৰিগৰাকী খেলুৱৈক মৰাণহাটত উষ্ম আদৰণি মৰাণ জিলা টাইকোৱাণ্ডো সন্থা আৰু বিভিন্ন দল-সংগঠনৰ ৷ ছটিশগড়ৰ ৰাইপুৰত যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত অসম দলৰ হৈ মৰাণৰ চোৱেইব আশ্ৰফে ২১ কেজি অনুৰ্দ্ধ, অম্লান মহনে ২৩ কেজি অনুৰ্দ্ধ আৰু সোণমণি চুতীয়াই ২৯ কেজি অনুৰ্দ্ধত সোণৰ পদক আৰু ত্ৰিধন্যা বৰাই ১৬ কেজি অনুৰ্দ্ধ শাখা ৰূপৰ পদক লাভ কৰে ৷