ভূৰাগাঁও: ভূৰাগাঁৱৰ মৰাপাট কলত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২৫হেজাৰ কুণ্টইল মৰাপাট।
ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত বানমুৰিত মৰাপাট কলত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় ২৫হেজাৰ কুণ্টইল মৰাপাট। কিন্তু বৰ্তমানলৈ পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ। সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে স্থানীয় ৰাইজে। লগতে ছি বি আই তদন্তৰ পোষকতা কৰে।