ওদালগুৰি: খাছ ৰণথলীত ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মডেল অংগনাবাদী কেন্দ্ৰৰ শুভ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হয়
শিশু সকলৰ শাৰীৰিক, মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনাৰ বাবে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত অংগনাবাদী কেন্দ্ৰ সমুহ নিৰ্মাণ কৰা হয়। সেইদৰে জিলা খনৰ ২নং খাছ ৰণথলীত প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে এটি মডেল অংগনাবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হয়। কেন্দ্ৰটো শুভ উদ্বোধন কৰে AWC ৰ সভাপতি সত্য বৰুৱাই। উক্ত কাৰ্যসূচীত চুপাৰভাইজাৰ ক্ৰমে ননী কুমাৰী চহৰীয়া, সংগীতা দাস, আৰু পাৰু ৰাভা, সমাজকৰ্মী হৰমোহন ডেকা আৰু নীলাধৰ ডেকা বিশেষ ভাৱে উপস্থিত থাকে থাকে।