News13 Northeast Assam-ৰ নাম আৰু ল’গ’ চুৰি কৰি ফেচবুকত নকল পেজ! সাৱধান হওক আমাৰ সকলো দৰ্শক তথা শুভাকাংক্ষী।
আমাৰ দৃষ্টিগোচৰ হৈছে যে একাংশ অসাধু চক্ৰই সামাজিক মাধ্যমত আমাৰ অফিচিয়েল সংবাদ মাধ্যম 'News 13 Northeast Assam'-ৰ মূল ল’গ’ আৰু কভাৰ ফটো চুৰি কৰি এটা নকল (Fake/Clone) ফেচবুক পেজ চলাই আছে।
এই নকল পেজটোৰ জৰিয়তে যদি কোনো ধৰণৰ অপপ্ৰচাৰ, ভুৱা বাতৰি বা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হয়, তাৰ বাবে আমাৰ মূল সংবাদ প্ৰতিষ্ঠান কোনো কাৰণতে দায়ী নহ’ব।
এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ চাইবাৰ কোষত আনুষ্ঠানিকভাৱে আইনী অভিযোগ দাখিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
আমাৰ সকলো নিষ্ঠাবান দৰ্শক আৰু অনুগামীক অনুৰোধ জনোৱা হৈছে যে-এনে ভুৱা পেজৰ পৰা সতৰ্ক থাকক আৰু পেজটো দেখিলেই ফেচবুকত 'Report' কৰক।
সকলোৱে কেৱল আমাৰ এই মূল তথা অফিচিয়েল পেজটোৰ বাতৰিহে অনুসৰণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
#News13NortheastAssam #FakePageAlert #CyberCrime #BreakingNews #AssamNews