মাজুলীৰ কৃষি খণ্ডক আধুনিক আৰু অধিক উৎপাদনমুখী কৰি তোলাৰ লক্ষ্যৰে কৃষি বিভাগৰ সহযোগত এগৰাকী উদ্যমী মহিলা ৰীতা বৰাই এক সফল নাৰ্চাৰী গঢ়ি তুলিছে। মাজুলী জিলা কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা পলিহাউচ (Polyhouse) আৰু অন্যান্য কৃষি সামগ্ৰীৰ সঠিক ব্যৱহাৰেৰে তেওঁ চিড ট্ৰে’ত (Seed Tray) প্ৰায় ৪,০০০ ৰ পৰা ৫,০০০ জলকীয়া, ওলকবি, বন্ধাকবি, ফুলকবি আদিৰ উন্নত জাতৰ পুলি প্ৰস্তুত কৰি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে।
কৃষিৰ সমান্তৰালকৈ পৰম্পৰাগত শিল্পৰ প্ৰসাৰ আৰু মহিলাসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ভকত চাপৰি অঞ্চলৰ পি জি (Producer Group) গোটসমূহক আগন্তুক দুৰ্গাপূজাৰ পূৰ্বেই আৰম্ভ হ’বলগীয়া মুখাশিল্প (Mask Making) প্ৰশিক্ষণত আগভাগ ল’বলৈ আহ্বান জনায়।