শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া তথা চাৰ্জ অফিচাৰ শ্ৰীমতী মিত্ৰবৃন্দা গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ SI Gr-II তথা জিলা সমন্বয়ৰক্ষী বিষয়া শ্ৰী তনয় শ্ৰীবাস্তৱে পৰিদৰ্শন বৈঠকত অংশ লৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত লোকপিয়ল পৰ্যবেক্ষক আৰু গণনাকাৰীসকলৰ সৈতে আলোচনা কৰে। বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাত বৰ্তমানে অব্যাহত লোকপিয়ল ২০২৭ৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বৈঠকত গুৰুত্ব প্ৰদান কৰা হয়।
📍শিৱসাগৰ
#Census2027 #CensusAssam #OurCensusOurDevelopment
Assam, India | Sep 26, 2026