
মাজুলীৰ পথ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে, ২৯ ছেপ্টেম্বৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত ছেপ্টেম্বৰ মাহৰ জিলা পথ সুৰক্ষা সমিতিৰ (District Road Safety Committee - DRSC) গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
মাজুলীৰ জিলা আয়ুক্ত শ্ৰী ৰাতুল চন্দ্ৰ পাঠক, ACS মহোদয়ৰ সভাপতিত্বত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোমালীন শুভদৰ্শিনী, IPS মহোদয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্ৰিক পথ সুৰক্ষা ব্যৱস্থা আৰু শেহতীয়া চৰকাৰী নিৰ্দেশনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং পৰ্যালোচনা কৰা হয়।
বৈঠকত গ্ৰহণ কৰা মূল সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ:
মহাবিদ্যালয় আৰু স্পৰ্শকাতৰ স্থানত নাকা চেকিং: বিশেষকৈ মহাবিদ্যালয়সমূহৰ সন্মুখত আৰু জিলাখনৰ যিকোনো সম্ভাব্য স্থানত হঠাৎ নাকা চেকিং চলোৱা হ'ব, যাতে ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ মাজত যান-বাহন আইনৰ কঠোৰ পালন সুনিশ্চিত হয়।
কঠোৰ আইনী ব্যৱস্থা: হেলমেটবিহীন বাইক চালক, তীব্ৰ বেগত বাহন চলোৱা (Over-speeding) আৰু উশৃংখল চালকৰ বিৰুদ্ধে পৰিবহণ আৰু আৰক্ষী বিভাগক 'শূন্য সহনশীলতা' (Zero Tolerance) নীতি গ্ৰহণ কৰি জৰিমনা তথা দৃষ্টান্তমূলক আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হয়।
PM Rahat কেচলেচ চিকিৎসা সেৱা (Cashless Treatment): পথ দুৰ্ঘটনাত পতিত ব্যক্তিসকলৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত চৰকাৰী আঁচনিৰ অধীনত ১ লাখ ৫০ হাজাৰ টকা পৰ্যন্ত তাৎক্ষণিক নগদবিহীন চিকিৎসা (Cashless Treatment) সেৱাৰ সুবিধা সঠিকভাৱে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
হিট এণ্ড ৰান (Hit and Run) ক্ষতিপূৰণ: 'হিট এণ্ড ৰান' দুৰ্ঘটনাত আক্ৰান্ত ভুক্তভোগী অথবা নিহতসকলৰ পৰিয়ালে যাতে চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণৰ ধন কোনো অসুবিধা নোহোৱাকৈ লাভ কৰে, সেই সন্দৰ্ভত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হয়।
উক্ত বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত অপৰূপা বৰগোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়া, সহকাৰী আয়ুক্ত দীপ্তিমণি টায়ে, সহকাৰী আয়ুক্ত অনুৰাগ প্ৰীতম বৰবৰা, মাজুলী আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় আৰু জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।