'লোকপিয়ল–২০২৭'ৰ পৰ্যায়-I ৰ অন্তৰ্গত "স্ব-গণনা" (Self-Enumeration) কাৰ্যসূচী অধিক বহুল প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি, ৬ আগষ্ট, ২০২৬ তাৰিখে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।
মাজুলী জিলা প্ৰশাসনৰ সহযোগত গড়মূৰস্থিত উল্লেখযোগ্য ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট' (Vishal Mega Mart) কৰ্তৃপক্ষই এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিষ্ঠানখনৰ চৌহদত ৰাইজ তথা গ্ৰাহকসকলৰ চকুত পৰাকৈ সজাগতামূলক প'ষ্টাৰ আৰু বেনাৰ প্ৰদৰ্শন কৰাৰ লগতে গ্ৰাহকসকলক স্ব-গণনা প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হয়।
অহা ১৬ আগষ্ট, ২০২৬ তাৰিখলৈকে সক্ৰিয় হৈ থাকিবলগীয়া চৰকাৰী পৰ্টেল se.census.gov.in ৰ জৰিয়তে নিজ নিজ গৃহৰ স্ব-গণনা ডিজিটেলভাৱে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনে সকলো মাজুলীবাসীক বিনম্ৰ আহ্বান জনাইছে।