হোজাই জিলাত সজাগতা বাহন উন্মোচন; ড্ৰাগ বিৰোধী, পথ সুৰক্ষা, বাল্যবিবাহ, শিশু শ্ৰম আদিৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি অভিযান আৰম্ভ*
হোজাই, ৩ আগষ্ট, ২০২৬: জনসাধাৰণৰ মাজত সামাজিক সমস্যা আৰু জনকল্যাণমূলক বিষয়সমূহৰ ওপৰত ব্যাপক সজাগতা সৃষ্টিৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত প্ৰস্তুত কৰা এক বিশেষ সজাগতা বাহনক আজি জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা ফ্লেগঅফ কৰে।
উক্ত সজাগতা বাহনৰ জৰিয়তে ড্ৰাগ বিৰোধী অভিযান, পথ সুৰক্ষা, বাল্যবিবাহ নিৰ্মূল, শিশু শ্ৰম প্ৰতিৰোধ, শিক্ষা গ্ৰহণৰ গুৰুত্ব আদি বিভিন্ন বিষয়ত জনসাধাৰণক সচেতন কৰাৰ ব্যৱস্থা কৰা হৈছে। বাহনখনত বিভিন্ন তথ্যসমৃদ্ধ পোষ্টাৰ, বাৰ্তা, দৃশ্য-শ্ৰব্য সামগ্ৰীৰ তথ্য সংযোজন কৰা হৈছে, যি জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰদৰ্শন কৰা হ'ব।
সজাগতা বাহনখনে গাঁও-চহৰৰ জনসাধাৰণৰ মাজলৈ বাৰ্তা লৈ গৈ এক সুস্থ, সুৰক্ষিত আৰু সচেতন সমাজ গঢ়ি তোলাত সহায়ক হ'ব।
উল্লেখ্য যে, এই সজাগতা বাহনখনে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বজাৰ, ৰাজহ চক্ৰ, গাঁও পঞ্চায়ত আৰু জনবহুল স্থানসমূহ পৰিভ্ৰমণ কৰি জনসাধাৰণক সজাগ কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।
Hojai, Hojai | Aug 3, 2026