ধনশ্ৰী, পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উদ্যানখনৰ প্ৰায় ৪০% অঞ্চল বানপানীয়ে বুৰাই পেলাইছে৷ উদ্যানখনৰ দক্ষিনে ব্ৰহ্মপুত্ৰ নৈ, ধনশ্ৰী নৈৰ লগতে পাছনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱজন্তৰ প্ৰতি ভাবুকী আহিছে যদিও ইতিমধ্যে বহু জীৱজন্ত ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে৷