মৰাণ: মৰাণত পথ দুৰ্ঘটনা, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন বিষয় শিক্ষক পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত
মৰাণত পথ দুৰ্ঘটনাত এজন লোক আহত। কৰ্মসূত্ৰে মৰাণত থকা গুৱাহাটীৰ জয়দ্বীপ তালুকদাৰ নামৰ এজন শিক্ষকে এখন স্কুটিৰে বিহুৰ বজাৰ কৰিবলৈ আহোতে পিছফালৰ পৰা এখন ট্ৰাকে খুন্দিয়াই দিয়াত গুৰুতৰভাৱে আহত হয় । সম্প্ৰতি মৰাণ মেডিকেল চেন্টাৰত চিকিৎসাধীন লোকজন । দুৰ্ঘটনাত আহত লোকজনক ক্ষতিপূৰণ দিম বুলি কোৱাৰ পিছতো ক্ষতিপূৰণ দিয়া নাই ট্ৰাকখনৰ গৰাকীয়ে ।