ওদালগুৰি: চিত্ৰনগৰ লক্ষ্মী মন্দিৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাৰ লগতে অনুষ্ঠিত হয় সম্বৰ্ধনা সভা
জিলা খনৰ টংলাৰ চিত্ৰনগৰস্থিত শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰে এইবেলি ২৫ বছৰত ভৰি দিয়ে।সেয়ে মন্দিৰ পৰিচালনা সমিতি আৰু ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰূপালী জয়ন্তীৰ কাৰ্যসূচী। অনুষ্ঠানত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচী। সভাত অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।