সোণাৰি: দ'লবাগানত উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি শৈক্ষিক দিশৰ লগতে আন্তঃগাঁথনিৰ বুজ লয় শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ ৷
চৰাইদেউ জিলাৰ ঐতিহ্যপূর্ণ বিদ্যালয় দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি শৈক্ষিক দিশৰ লগতে আন্তঃগাঁথনিৰ বুজ লয় শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ । বিধায়কৰ আদৰ্শ হাইস্কুল যোজনাত অন্তৰ্ভুক্ত বিদ্যালয়খনৰ নতুন ভৱন নিৰ্মাণৰ বাবে চৰকাৰে ৭ কোটি টকাৰ পুঁজি আবণ্টন দিছে। শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি সুন্দৰ ৰূপত নিৰ্মাণৰ বাবে শিক্ষক-কর্মচাৰী আৰু বিদ্যালয় পৰিচালনা সমিতিক যাৱতীয় দিহা-পৰামৰ্শ দিয়ে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷