বৰপেটা: বৰপেটা চহৰত ৰাষ্ট্ৰীয় একতা দৌৰত অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ অংশ গ্ৰহণ
স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনৰ লগত সংগতি ৰাখি আজি বৰপেটাতো অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় একতা দৌৰ । বৰপেটা আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বৰপেটাৰ বিভিন্ন বিভিন্ন দল সংগঠন আৰু সাধাৰণ লোকে ভাগ লোৱা একতাৰ দৌৰে বৰপেটা চহৰৰ মূল পথসমূহ সামৰি লয় । বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত এই দৌৰত অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাইও অংশ গ্ৰহণ কৰে ৷