বৰপেটা: বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত ৰক্তদান শিবিৰত অতিৰিক্ত আয়ুক্ত কৌস্তভ কলিতাৰ অংশ গ্ৰহণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা বৰপেটা জিলাতো সেৱা পষেক পালন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বৰপেটা জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধানত অনুষ্ঠিত শিৱিৰত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ উপৰি আৰক্ষী আৰু অন্যান্য লোকেও ৰক্তদান কৰে। বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাসহ জিলা প্ৰশাসনৰ কেবাজনো বিষয়া উপস্থিত থাকে ৷