পূব ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্র একতা সভাৰ নিৰ্বাচন, ১৮ টা পদৰ বাবে ৩৬ প্ৰাৰ্থীৰ নিৰ্বাচনত অৱতীৰ্ণ
নাহৰৰ দেশত আজি নিৰ্বাচনী যুঁজ। আজি নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বলিছে ছাত্ৰ ৰাজনীতিৰ নিৰ্বাচনীৰ ভোট যুদ্ধ। পুৱা ১০ বজাৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভাগ আৰু কেন্দ্ৰসমূহত অধ্যয়ণৰত ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে মতদান দিব। ছাত্ৰ একতা সভাৰ সভাপতি -সম্পাদককে ধৰি মুঠ ১৮ টা পদৰ ছাত্ৰ প্ৰতিনিধিৰ দৌৰত ৩৬ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে।