সাপেখাতী: বৰহাট বাগিচাত নিৰ্বাচনী সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
বৰহাট চাহ বাগিচাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়।আজি বৃহস্পতি বাৰে সন্ধিয়া ৫ বজাত বৰহাট চাহ বাগিচাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়।সভাত সোণাৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰে কৰা উন্নয়ন মুলক কাম কাজ সমূহৰ বিষয়ে কোৱাৰ লগতে আগন্তুক যোৰহাট লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট দি জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।সভাত বিজেপি জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাচা,যুৱ নেতা বিপ্লৱ বৰুৱা,গনেশ বৰগোঁহাই, কাৰ্তিক উৰাঙে অংশগ্ৰহণ কৰে।