শিৱসাগৰ: উত্থাপিত অভিযোগ নস্যাৎ কৰি অ'.এন.জি.চি.ৰ পূৰ্বাঞ্চল এচ'ছিয়েচনৰ শিৱসাগৰত সংবাদমেল
উত্থাপিত অভিযোগ নস্যাৎ কৰি ONGC পূৰ্বাঞ্চল এচ'ছিয়েচনৰ শিৱসাগৰত সংবাদমেল । সংবাদমেল ভটিয়াপাৰৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক কঠোৰ শাস্তিৰ দাবী । উল্লেখ্য যে এই শ্ৰমিক সংগঠনটোৰ বিৰুদ্ধে সামাজিক মাধ্যমত কিছু অভিযোগ উত্থাপিত হোৱাৰ পাছত এই সকলো নস্যাৎ কৰি ভিত্তি হীন বুলি দাবী কৰে সংগঠনটোৱে । সংবাদ মেল সম্বোধন কৰি সঞ্জীৱ বৰুৱাই এনে অপপ্ৰচাৰ বন্ধ ৰখাৰ বাবে আহ্বান জনায় অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় ।