ডুমডুমা: শাহু-বোৱাৰীক আক্ৰমণৰ ঘটনাক লৈ ৰূপাই চাহ বাগিচাৰ চৈধ্য নম্বৰ লাইনত উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ
চাহ নগৰী ডুমডুমাৰ ৰূপাই চাহ বাগিচাত মঙ্গলবাৰে নিশা প্ৰায় ৮ বজাত উতপ্ত পৰিস্থিতিৰ সৃষ্টি । শাহু বোৱাৰীক আক্ৰমণৰ ঘটনাক লৈ ৰূপাই চাহ বাগিচাৰ চৈধ্য নম্বৰ লাইনত উত্তেজিত ৰাইজে জ্বলাই জ্বলাই দিলে দোকান আৰু ঘৰ । ক্ষতিসাধন হয় এখন ই—ৰিক্সা৷ যোৱা নিশা শীলা টহলা আৰু ৰশ্মি কৰ্মকাৰ নামৰ শাহু বোৱাৰীক স্থানীয় এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল৷ স্থানীয় লোক জনৰ আক্ৰমণত ইতিমধ্যে চিকিৎসালয়ত মৃত্যু হৈছে শাহু শিলা টহলাৰ ইপিনে সংকটজনক অৱস্থাত ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে বোৱাৰী