বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ(AAJYP)ৰ তিনিচুকীয়া জিলা সমিতিৰ এটা দলে মাৰ্ঘেৰিটা বিছাগাঁৱত পকী দলং নিৰ্মাণত বন বিভাগৰ নীতি নিয়ম উলংঘা কৰি শ শ হোলুং গছৰ পুলি তথা গছ ব্যৱহাৰৰ দৃশ্য প্ৰত্যক্ষ কৰি বন বিভাগক খৱৰ দিয়ে। পিছত লেখাপানী বন বিভাগৰ লোক উক্ত ঠাইত উপস্থিত হৈ দলং নিৰ্মাণত ব্যৱহৃত প্ৰায় ৩ শ চেপ্টি অবৈধ কাঠ জব্দ কৰে।