গোৰেশ্বৰ ভাগ: নাওকাটাত বিজেপিৰ কাৰ্গিল বিজয় দিৱস উপলক্ষে জোৰ সমদল
শনিবাৰে সন্ধিয়া ৭-৩০ মান বজাত তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত জোৰ সমদল।কাৰ্গিল বিজয় দিৱস উপলক্ষে নাওকাটা চ'ক বজাৰত উলিয়াই বিজেপি দলে যোৰ সমদল।সমদলত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস আৰু বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত ৰাভাই।কাৰ্গিল যুদ্ধত প্ৰাণ দিয়া বীৰ সকলৰ পৱিত্ৰ স্মৃতিত গ্ৰহণ কৰা কাৰ্যসুচীত বিজেপি দলৰ বহু কাৰ্যকৰ্তাই অংশ লয়।ি