মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত প্ৰকাণ্ড ভগ্ন প্ৰায় গছৰ ডালক লৈ শংকিত পথচাৰী,সম জিলা আয়ুক্তক ডালটো আঁতৰাই দিয়াৰ আহ্বান
মাৰ্ঘেৰিটাৰ আলু বাৰী কাষৰ পথৰ প্ৰকাণ্ড ভগ্ন প্ৰায় গছৰ ডাল এটাই যিকোনো মুহূৰ্তত বিদ্যুত পৰিবাহী তাৰ ছিঙি সদা ব্যস্ত পথটোত পৰি এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । ৰাইজে মাৰ্ঘেৰিটাৰ বিদ্যুৎ বিভাগৰ লোকক উক্ত স্থানৰ পৰা আতৰাই দিবলৈ আহ্বান জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।