গোলকগঞ্জ সম জিলা প্ৰেছ ক্লাবৰ উদ্যোগত আৰু উদযাপন সমিতিৰ সহযোগত দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত গোলকগঞ্জ আক্ৰাছু কায্যলয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । গোলকগঞ্জ সম জিলা প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰেছ দিৱস উপলক্ষে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কৰি প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰা হয় কায্যসূচী । তাৰ পিছতেই বিভিন্ন গীত নৃত্য পৰিবেশন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উলহ মালহেৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।