আজাৰা: পলাশবাৰীৰ তিনিআলিৰ কান্দুপুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু,11000volt বিদ্যুৎৰ তাৰত লাগি মৃত্যু এটি হাতীৰ
দক্ষিণ কামৰূপৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কান্দুপুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তিনিআলিৰ সমীপৰ কান্দুপুৰত এটা পৰিয়ালৰ বাসগৃহৰ পিছফালে থকা পুখুৰীত স্থানীয় লোকে আজি ৰাতিপুৱা মৃত অৱস্থাত প্ৰত্যক্ষ কৰে এটি হাতীৰ মৃতদেহ । হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে স্থানীয় লোকে ৷