বৰপেটা: বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মোৎসৱ পালন
বৰপেটা সত্ৰত বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয় ৷ বৰপেটা সত্ৰত সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷ বৰপেটা সত্ৰত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ভকত বৈষ্ণৱে পুৱাৰ প্ৰসংগত ভাগ লয় ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷ পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা কীৰ্তন আদিও গোৱা হয় ৷বৰপেটা সত্ৰৰ বুঢ়া ড০ বাবুল চন্দ্ৰ দাস আৰু ডেকাসত্ৰীয়া গৌতম পাঠক বাপ দুজনায়ো পুৱাৰ প্ৰসংগত অংশ গ্ৰহন কৰে