বৰপেটা: নগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত প'লিও প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত আয়ুক্ত কৌস্তভ কলিতাই
বৰপেটা জিলাত ৰবিবাৰৰ পৰা উপ দেশীয় প'লিও প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হয় । বৰপেটা নগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাই এই কাৰ্যসূচীৰ আৰম্ভণি কৰে। অহা ২৪ অক্টোবৰলৈ চলিবলগীয়া এই অভিযানত জিলাখনৰ শূণ্যৰ পৰা পাচ বছৰৰ ভিতৰৰ দুই লাখ ৯১ হাজাৰ শিশুক সামৰি লোৱা হব বুলি কলিতাই সদৰী কৰে। উদ্বোধনী কাৰ্যসূচীত কেবাটিও শিশুক জিলা স্বাস্থ্য বিভাগৰ বিষয়াৰ দলে প্ৰতিষেধক সেৱন কৰায়।