লাহৰীঘাট: মৈৰাবাৰীত সোমবাৰে গ্ৰেপ্তাৰ কৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহৰ আলীক আজি জেল হাজোতলৈ প্ৰেৰণ, জনালে আৰক্ষী পৰিদৰ্শকে
মৈৰাবাৰীত সোমবাৰে গ্ৰেপ্তাৰ কৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহৰ আলীক আজি জেল হাজোতলৈ প্ৰেৰণ। মৈৰাবাৰী আৰক্ষীয়ে আজি ড্ৰাগছ সৰবৰাহকাৰীজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। পূৰ্বে দুবাৰকৈ ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল যদিও জামিনত ওলাই অহাৰ পাছতে পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ পৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ ঘৰৰ পৰা কিছু পৰিমাণে ড্ৰাগছ জব্দ কৰে।