মাৰ্ঘেৰিটা: ডিগবৈ চহৰত নিশাৰ এজাক বৰষুণতে কৃত্ৰিম বানপানীত উপচি পৰে মিলন নগৰ, লাচিত নগৰ আদি কেইবাটাও অঞ্চল
ডিগবৈ চহৰত ভয়ংকৰ ৰূপ কৃত্ৰিম বানপানীৰ। চহৰখনৰ মিলন নগৰ, লাচিত নগৰ, গুপ্ত কুটিৰ, যশোদা হ'ল তিনিআলি আদি অঞ্চলত ঘৰ বাৰী বাট পথত পানীৰে উপচি পৰে। কৃত্ৰিম বান পানীত ডুব গ'ল পূজা লৈ বুলি সাজু কৰা বিভিন্ন মূৰ্তি: বিশ্বকৰ্মা পূজা লৈ বুলি সাজু কৰা মূৰ্তি নষ্ট হৈ যায়। দেওবাৰে নিশা প্ৰায় ৯ বজাত দিয়া এজাক বৰষুণতে এই কৃত্ৰিম বানপানী সৃষ্টি হয়।