মাৰ্ঘেৰিটা: ফেক্টৰীৰ মালিকপক্ষক কেঁচা চাহ পাতৰ মূল্য টি বৰ্ডৰ গাইড লাইন অনুসৰি খেতিয়কক প্ৰদান কৰিবলৈ খেতিয়কসকলৰ জাগুনত আহ্বান
কেঁচা চাহ পাতৰ মূল্য অসম টি বৰ্ডে ২১ ৰ পৰা ১৯ টকা ৮৫ পইচা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত প্ৰতিটো খেতিয়কক প্ৰদান কৰিব লাগে বুলি গাইড লাইন দিছিল কিন্তু সেই জাননী মতে ফেক্টৰীৰ মালিকসকলে খেতিয়কক প্ৰদান নকৰি ১২ৰ পৰা ১৩ টকা প্ৰদান কৰি অহাত শনিবাৰে সন্ধ্যা প্ৰায় ৬ বজাত জাগুণ অঞ্চলত ক্ষোভ প্ৰকাশ খেতিয়ক সকলৰ । যেতিয়া লৈকে ফেক্টৰীয়ে আগষ্ট আৰু ছেপ্টেম্বৰ অসম টি বৰ্ডে দিয়া গাইড লাইন অনুসৰি প্ৰতিটো টকা প্রতিটো ক্ষুদ্ৰ চাহ খেতিয়কলৈ নিদিয়ে তেতিয়ালৈকে সেই ফেক্টৰী সমূহ বৰ্জন কৰাৰ ঘোষণা