ভূৰাগাঁও: বানমুৰিত জুইত ভস্মীভূত জে ছি আইৰ গোদাম পৰিদৰ্শন বিধায়ক আছিফ মহম্মদ নাজাৰৰ, সমগ্ৰ পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে
ভূৰাগাঁৱৰ বানমুৰিস্থিত জে ছি আইৰ গোদামত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবা কোটি টকাৰ মৰাপাট ভস্মীভূত হয়। উক্ত ঘটনাৰ বুজ লোৱা উদ্দেশ্যে বিধায়ক আছিফ নাজাৰে বানমুৰিত উপস্থিত হৈ ভস্মীভূত হোৱা জে চি আইৰ গোদাম পৰিদৰ্শন কৰে ।