মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত টাই আহোম ঐক্যমঞ্চৰ বিশাল প্ৰতিবাদী জোঁৰ সমদলত ৫ সহস্ৰাধিক আহোম জনগণৰ অংশগ্ৰহণ
জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত দেওবাৰে সন্ধ্যা প্ৰায় ৬ বজাত মাৰ্ঘেৰিটাত টাই আহোম জনগোষ্ঠীয়ে বিশাল জোঁৰ সমদল বাহিৰ কৰে । জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ টাই আহোম জনগোষ্ঠীৰ। সন্ধিয়া ৫ সহস্ৰাধিক লোকৰ NO ST NO VOTE শ্ল'গানেৰে বিশাল জোঁৰ সমদল। টাই আহোম যুৱ পৰিষদ, আহোম সভা, পয় ফুৰালুং, টাই আহোম মহিলা পৰিষদ, টাই আহোম ছাত্র সন্থা, জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত বিশাল প্ৰতিবাদ