দুধনৈ: দুধনৈত শ্ৰদ্ধাঞ্জলি, সমদল, মায়াবিনী গীত গালে সহস্ৰাধিক অনুৰাগীয়ে
দুধনৈত শ্ৰদ্ধাঞ্জলি, সমদল, মায়াবিনী গীত গালে সহস্ৰাধিক অনুৰাগীয়ে । যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত স্তম্ভিত অসম, অসমীয়া ৷ আজি দুধনৈতো শিল্পী গৰাকীক মমবাতি জ্বলাই এক সমদল উলিয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । দুধনৈ ব্যৱসায়ী সন্থা, দুধনৈ উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত দুধনৈ পৰিদৰ্শন ভৱনত শ্ৰদ্ধাঞ্জলি জনায় । দুধনৈবাসী ৰাইজে স্বতঃফুৰ্ত ভাৱে ওলাই হাতে হাতে মমবাতি লৈ সমগ্ৰ দুধনৈ সমদল কৰি গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ৷