বৰপেটা: চিএম ভিজিলেন্সৰ নামত ধন দাবীৰ অভিযোগত অনুপ কুমাৰ দাস নামৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে
এইবাৰ চিএম ভিজিলেন্সৰ নামত ধন দাবী। বৰপেটাত ধন দাবীৰ অভিযোগত এটা প্ৰৱঞ্চক গ্ৰেপ্তাৰ । ধৃত প্ৰৱঞ্চকটো অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাসৰ ঘৰ ডিব্ৰুগড়ত। বৰপেটা আৰক্ষীয়ে প্ৰৱঞ্চক অনুপ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে । বৰপেটা জিলাৰ চেঙাৰ মুষ্টাক মহম্মদ আক্ৰাম নামৰ লোকজনক চিএম ভিজিলেঞ্চৰ নামত ১ লাখ টকা দাবী কৰিছিল প্ৰৱঞ্চক অনুপ কুমাৰ দাসে । মির্জাৰ শহুৰেকৰ ঘৰত থাকি চিএম ভিজিলেন্সৰ নামত ধন দাবী কৰিছিল প্ৰৱঞ্চকটোৱে ।