সোমবাৰে পুৱা প্ৰায় ৭ মান বজাত নলবাৰীৰ ২ নং বৰবালা (চিতলমাৰী) ত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । মুগুৰ আলী নামৰ লোকজনৰ বাসগৃহত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয় । স্থানীয় ৰাইজৰ সহযোগত দিনৰ প্ৰায় ১১ বজাত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ফলত বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় । যাৰ ফলত সকলো সা-সম্পত্তি , নথি পত্ৰ সমূহ জুইত জাহ যায় । অগ্নিকাণ্ড কেনেকৈ সংঘটিত হল বাতৰি সংগ্ৰহ কৰা পর্যন্ত জানিবলৈ পৰা হোৱা নাই