ওদালগুৰি: খৈৰাবাৰীত অনুষ্ঠিত বিপিএফৰ নিৰ্বাচনী সভাত বিটিচিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰীৰ অংশগ্ৰহণ
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমুহৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা। সেইদৰে জিলা খনৰ খৈৰাবাৰীত বিপিএফ দলৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত বিটিচিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক আশ্বাস বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি স্বভাৱ সুলভ ভাষন প্ৰদান কৰে। উক্ত সভাত বিধায়ক দূৰ্গাদাস বড়ো, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰী প্ৰমুখ্যে অঞ্চলৰ ৰাইজ উপস্থিত থাকে।