সোণাৰি: বৃহস্পতিবাৰে পাটসাঁকো তিনিআলিত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আটাছুৰ কা'ৰ বিৰুদ্ধে প্ৰতিবাদ
ৰাজ্যজুৰি কা'ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে পাটসাঁকো তিনিআলিত আটাছুৰ পাটসাঁকো আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।এই প্ৰতিবাদত আটাছুৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক আলশ প্ৰতিম সন্দিকৈয়ে অংশগ্ৰহণ কৰি কয়,অসমৰ মানুহক লৈ হেতালি নেখেলিব।অসমীয়া জাতীয়ে এটা বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহন কৰি আছে।