পূব ডিব্ৰুগড়: অৰ্থনৈতিক অৱৰোধৰ বাবে মহানগৰৰ চৌকিডিঙ্গী, থানাচাৰিআলি, আমোলাপট্টী তেল ডিপুত হাহাকাৰ পৰিস্থিতি
জনজাতিকৰণক লৈ মৰাণ জনগোষ্ঠীয়ে কৰা অৰ্থনৈতিক অৱৰোধৰ ফলত যানবাহনৰ ইন্ধনক লৈ ডিব্ৰুগড় মহানগৰণ হাহাকাৰ পৰিস্থিতি। আজি বৃহস্পতিবাৰে নিশা ১০ বজাৰ লৈকে ডিব্ৰুগড় মহানগৰৰ ভিন্ন প্ৰান্তৰ লগতে চৌকিডিঙ্গী, থানাচাৰিআলি, আমোলাপট্টী ডিপুত নাই পেট্ৰল ডিজেল। বিভিন্ন তেল ডিপুত ইন্ধন নোহোৱাৰ ফলত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ।