সাপেখাতী: বৰহাটত বিজেপি বৰহাট মণ্ডলৰ উদ্যোগত বিজেপি যুৱ নেতা প্ৰয়াত ৰাজু মুৰাৰ শ্ৰদ্ধাঞ্জলি সম্পন্ন
বৰহাটত অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি যুৱ নেতা ৰাজু মুৰাৰ আজি বৃসস্পতি বাৰে সন্ধিয়া ৭বজাত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে পঁইতাখাত গাঁৱৰ নিবাসী তথা বিজেপি যুৱ নেতা ৰাজু মুৰা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপি যুৱ নেতা প্ৰবীন শৰ্মা, নিজ্জল হাতীমুৰীয়া প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।