দেৰগাঁও: দেৰগাঁৱত চাইকেল চোৰ কৰিবলৈ লওঁতেই হাতে লোটে চোৰক ধৰি ৰাইজে কানত ধৰাই থলে আঠুকঢ়াই,নিজ মুখেৰে স্বীকাৰ চুৰি কাণ্ডৰ কথা
দেৰগাঁৱত চাইকেল চোৰ কৰিবলৈ লওঁতেই হাতে লোটে চোৰক ধৰি ৰাইজে পথত আঠুকঢ়া থৈ চমজালে আৰক্ষীক l দেৰগাঁও বঙ্গালগাঁৱ চাৰিআলিত চাঞ্চল্যকৰ ঘটনা l দিন দুপৰতে চাৰিওফালে মানুহ থকাৰ অৱস্থাতে বৃহস্পতি বাৰে পুৱা প্ৰায় ৯ বজাত ৰাইজে এটা চাইকেল চোৰ হাতেলোটে ধৰি পথত আঠুকঢ়াই থয় l পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হোঁৱাত আৰক্ষীক চমজাই দিয়ে চোৰতোক স্থানীয় ৰাইজে।