বৰপেটা: মাজগাঁও নৱশক্তি ক্লাবৰ উদ্যোগত মাজগাৱঁত আয়োজিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
মাজগাঁও নৱশক্তি ক্লাবৰ উদ্যোগত মাজগাৱঁৰ এইচ জে এণ্ড নৱশক্তি এইচ এছ স্কুল খেলপথাৰত আয়োজিত স্বৰ্গীয় ছবিবৰ ৰহমান আৰু আয়নাল হ'ক সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন ৰবিবাৰে শুভাৰম্ভ কৰা হয় । প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰি সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷