মাহমৰা: খুমটাইত নৱনিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ ল'লে কেবিনেট মন্ত্ৰী যোগেন মহনে
মাহমৰা সমষ্টিৰ খুমটাইত আজি বিয়লি নৱনিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী পৰিদৰ্শন কৰে কেবিনেট মন্ত্ৰী তথা মাহমৰাৰ বিধায়ক যোগেন মহনে। এই কলনীত মুঠ ৪৪টা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে আবাসৰ ব্যৱস্থা কৰা হৈছে। ১২ মাৰ্চত এই আবাসসমূহ উদ্বোধন কৰাৰ লগতে গৃহপ্ৰৱেশৰ ব্যৱস্থা কৰা হ'ব। আজিৰ পৰিদৰ্শনকালত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা, মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ উপস্থিত থাকে।