বৰপেটা: অগপৰ মুখ্য কাৰ্যালয়ত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ অংশ গ্ৰহণ
অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ আছে সমগ্ৰ অসম ৷ সোমবাৰে অসম গণ পৰিষদৰ বৰপেটাৰ মুখ্য কাৰ্যালয়ত এঘাৰ দিনীয়া সকাম উপলক্ষে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয় ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ লগতে অসম গণ পৰিষদৰ নেতা কৰ্মী সকলে অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনাৰে নাম প্ৰসংগ কৰা হয় ৷