জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন উপলক্ষে বুধবাৰে বিয়লি প্ৰায় দুই বাজি ৩০ মিনিটত আয়োজনসমূহ সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হয়। প্ৰশাসনিক বিষয়াসকল, বিভাগীয় মুৰব্বীসকল আৰু বিভাগীয় বিষয়াসকল উপস্থিত হৈ অনুষ্ঠানটোৰ সম্পূৰ্ণ আয়োজন সম্পৰ্কে বিস্তৃত আলোচনা কৰে।