ধুবুৰীস্থিত আফ্ৰিন হোটেলত ধুবুৰী আৰক্ষী অভিযান। গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই অনলাইন গেম চলোৱা তিনিজন যুৱকক আটক কৰে। জানিবলৈ পোৱা মতে দীৰ্ঘদিন ধৰি ধুবুৰী আফ্ৰিন হোটেলৰ ৰূমত বাহৰ পাতি চলাইছিল অনলাইন গেম। যুৱক তিনিজন হৈছে পাটাকাটাৰ আখিনুৰ, শাহিনুৰ আৰু জব্বাৰ আলী বুলি জানিব পৰা গৈছে।