গুৱাহাটী: মালিগাঁও ৰে'লৱে ষ্টেডিয়াম প্ৰাংগনত পাণ্ডু বিহু সন্মিলনীৰ সংবাদমেল, ১৩এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ মালিগাঁৱত হ'ব বিহু
শুকুবাৰে গুৱাহাটীৰ মালিগাঁও ৰে'লৱে ষ্টেডিয়াম প্ৰাংগনত পাণ্ডু বিহু সন্মিলনীৰ বিষয়ববীয়াই এক সংবাদমেল সম্বোধন কৰে। ১৩ এপ্ৰিলৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি অনুষ্ঠিত হ'ব ৰঙালী বিহু। এইবেলি বিহুৰ মুখ্য আকৰ্ষণ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। লগতে থাকিব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। নিৰাপত্তাৰ ক্ষেত্রটো বিশেষ ব্যৱস্থা লৈছে ঐতিহ্যমণ্ডিত বিহু সন্মিলনীয়ে। এই সংবাদমেল যোগে এই কথা সংবাদ মাধ্যমক জনালে পাণ্ডু বিহু সন্মিলনীৰ বিষয়ববীয়াই।