ওদালগুৰি: জিলা আয়ুক্তৰ কাৰ্য্যালয় অনুষ্ঠিত হোৱা বিটিচিৰ বিভিন্ন বিভাগৰ পৰ্যালোচনা সভাত ডিপুটী চীফ ৰিহণ দৈমাৰীৰ অংশগ্ৰহণ
ওদালগুৰি জিলাৰ বিটিচি চৰকাৰৰ অধীনত থকা বিভিন্ন বিভাগৰ এখন পৰ্যালোচনা সভা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে সঞ্চালনা কৰা সভা খনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইপিনে উক্ত সভাত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ইএম ফ্ৰেছ মোছাহাৰী, এমচিএলএ অৰ্জুন দৈমাৰী, দিগন্ত বৰুৱা, দাউবাইচা বড়ো, শ্যাম চুন্দি আৰু পল টপ্পৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে।