মাহমৰা: মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহৰ এমজিএনৰেগাৰ তদাৰক হিচাপে কচুমাৰীৰ নৱ বৰুৱাক নিযুক্তি মন্ত্ৰী যোগেন মহনৰ
কেবিনেট মন্ত্ৰী যোগেন মহনে আজি এক নিৰ্দেশযোগে মাহমৰাৰ কচুমাৰী নিবাসী, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা মিলন গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নৱ বৰুৱাক চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১টা পঞ্চায়তত চলি থকা এমজিএনৰেগা আঁচনিসমূহৰ তদাৰক হিচাপে নিযুক্তি প্ৰদান কৰিছে। মাহমৰা উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহৰ কাৰ্যকাল শেষ হোৱাৰ পাছত আধৰুৱা হৈ থকা এই আঁচনিসমূহ এতিয়াৰে পৰা তদাৰক কৰিব নৱ বৰুৱাই।